Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 147

গীত 147:8-19

Help us?
Click on verse(s) to share them!
8যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,
9পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে।
10ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;
11কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
12হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।
13কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।
14তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।
15তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়।
16তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে।
17তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?
18তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।
19তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।

Read গীত 147গীত 147
Compare গীত 147:8-19গীত 147:8-19