4তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।
5আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।
6যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।
7তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।
8যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,
9পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে।
10ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;