1মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ।
2মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ।
3মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে;
4মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয় স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে।