Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 140

গীত 140:7-13

Help us?
Click on verse(s) to share them!
7হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা।
8হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। চেলা
9যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক!
10তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক! তেওঁলোকক জুইত পেলোৱা হওঁক! তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাতত পেলোৱা হওঁক!
11নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা; অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!
12মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।
13ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব; ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।

Read গীত 140গীত 140
Compare গীত 140:7-13গীত 140:7-13