Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 139

গীত 139:1-10

Help us?
Click on verse(s) to share them!
1হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা আৰু মোক জানিলা।
2তুমি মোৰ উঠা আৰু বহাকো জানিছা, দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।
3তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা; মোৰ সকলো পথ তুমি ভালদৰে জানা।
4কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।
5আগ-পাছ সকলো ফালে তুমি মোক ঘেৰি ৰাখিছা আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা।
6এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;
7তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰোঁ? তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম?
8যদি স্বৰ্গত গৈ উঠো, তাতো তুমি; যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি থাকা।
9যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ,
10তাতো তোমাৰ হাতে মোক চলাব,; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব।

Read গীত 139গীত 139
Compare গীত 139:1-10গীত 139:1-10