8হে যিহোৱা, উঠা; তোমাৰ বিশ্রাম স্থানলৈ আহাঁ; তুমি আহাঁ আৰু তোমাৰ শক্তিৰ চন্দুক আঁহক।
9তোমাৰ পুৰোহিতসকলে ধাৰ্মিকতাৰূপ বস্ত্ৰ পিন্ধক, তোমাৰ ভক্তগণে আনন্দ-ধ্বনি কৰক।
10তোমাৰ দাস দায়ুদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা।”
11যিহোৱাই দায়ুদৰ আগত নিশ্চিত ৰূপে এই শপত খালে, তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব; “তোমাৰ ঔৰসত জন্মা সন্তান সকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম।
12তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
13কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;
14তেওঁ ক’লে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰাম স্থান; মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ।
15মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,
16মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধাম; ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ ধ্বনি কৰিব।
17তাতে মই দায়ুদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলো, মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজা স্বৰূপে নিযুক্ত কৰিলোঁ।
18মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”