1ইস্ৰায়েলে কওঁক, “যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।”
2“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে; তথাপি মোক জিনিব পৰা নাই।
3হালোৱাই মোৰ পিঠিত হাল বালে; তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”
4যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে।
5যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।