11সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰোণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে যিহোৱাক মানি চলে?”
12তেতিয়া মোচিয়ে ইলিয়াবৰ পুতেক দাথনক আৰু অবীৰামক মাতিবলৈ মানুহ পঠালে, কিন্তু তেওঁলোকে ক’লে, আমি নাযাওঁ।
13তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধমধু বোৱা দেশৰ পৰা আনিছা, এয়ে জানো সৰু কথা? তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে?
14কেৱল এয়ে নহয়, তুমি আমাক দুগ্ধমধু বোৱা দেশলৈ নিয়া নাই আৰু শস্যৰ খেতি ও দ্ৰাক্ষাবাৰীৰো অধিকাৰ দিয়া নাই। তুমি এই লোকসকলক অন্ধ কৰিবা নে? আমি নাযাওঁ।
15তাতে মোচিয়ে অতিশয় ক্ৰুদ্ধ হৈ যিহোৱাক জনালে, বোলে, “এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা; মই এওঁলোকৰ পৰা এটা গাধও লোৱা নাই, আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই।”
16পাছত মোচিয়ে কোৰহক ক’লে, “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হ’বা।
17তোমালোকে প্ৰতিজনে আঙঠা-ধৰালৈ তাৰ ওপৰত ধূপ দি, নিজ নিজ আঙঠা-ধৰা যিহোৱাৰ আগত লৈ আনিবা। দুশ পঞ্চাশ আঙঠা-ধৰাই আগ কৰিবা; তুমি আৰু হাৰোণেও নিজ নিজ আঙঠা-ধৰা ল’বা।”