6সেই জাতিবোৰৰ মাজত আপোনালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত লোক৷
7ৰোমত থকা ঈশ্ৱৰৰ যি প্ৰিয় লোক আৰু তেওঁক বিশ্ৱাস কৰা সেই পবিত্ৰ লোক সকল; আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অাপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
8প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷
9কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,
10মোৰ প্ৰাৰ্থনা কালত সদায় অনুৰোধ কৰোঁ, আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্ৱৰৰ ইচ্ছাৰ দ্ৱাৰাই আপোনালোকৰ ওচৰত আহিবলৈ সফল হওঁ৷
11কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছোঁ, যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰোঁ, আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে৷
12আপোনালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছোঁ।
13হে ভাই সকল, মই নিবিচাৰোঁ যে, আপোনালোকে এই কথা নজনাকৈ থাকক; মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনা-ইহুদী লোক সকলে ফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাওক; কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷
14গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷