Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - ৰোমীয়া - ৰোমীয়া 16

ৰোমীয়া 16:7-17

Help us?
Click on verse(s) to share them!
7মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাঁচনি সকলৰ মাজত প্ৰসিদ্ধ হোৱা, মোতকৈয়ো আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা, যি আন্দ্ৰনিক আৰু যুনিয়, তেওঁলোকক মঙ্গলবাদ দিব।
8প্ৰভুত মোৰ প্ৰিয় আমপ্লিয়াতক মঙ্গলবাদ দিব।
9খ্ৰীষ্টত আমাৰ সহকাৰী উৰ্ব্বাণক আৰু মোৰ প্ৰিয় স্তাখুক মঙ্গলবাদ দিব।
10খ্ৰীষ্টত পৰীক্ষাসিদ্ধ, আপিল্লিক মঙ্গলবাদ দিব। আৰিষ্টবুলৰ পৰিয়ালক মঙ্গলবাদ দিব।
11মোৰ জ্ঞাতি হেৰুদিয়োনক মঙ্গলবাদ দিব। নাৰ্কিচহঁতৰ যি সকল প্ৰভুত আছে, তেওঁলোকক মঙ্গলবাদ দিব।
12প্ৰভুত পৰিশ্ৰমকাৰিণী ত্ৰুফেনা আৰু ত্ৰুফোচাক মঙ্গলবাদ দিব। যি প্ৰিয় পৰ্চীয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব।
13প্ৰভুত মনোনীত ৰূফক, আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মঙ্গলবাদ দিব।
14অচুঙ্কৃত, ফ্লিগোন, হৰ্ম্মা, পাত্ৰোবা, হৰ্ম্মি, আৰু এওঁলোকৰ লগৰ ভাই সকলক মঙ্গলবাদ দিব।
15ফিললগ, যুলিয়া, নীৰিয় আৰু তেওঁৰ ভনীয়েক আৰু ওলুম্প, এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মঙ্গলবাদ দিব।
16আপোনালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মঙ্গলবাদ কৰিব। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
17হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷

Read ৰোমীয়া 16ৰোমীয়া 16
Compare ৰোমীয়া 16:7-17ৰোমীয়া 16:7-17