Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 27

হিতো 27:17-27

Help us?
Click on verse(s) to share them!
17যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে।
18যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়।
19পানীত যেনেকৈ মানুহৰ মুখৰ প্ৰতিবিম্ব দেখা যায়, তেনেকৈ মানুহৰ হৃদয়ে মানুহৰ প্ৰতিবিম্ব দেখুৱাই।
20চিয়োল আৰু আবদ্দোন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়, তেনেকৈ মানুহৰ চকুও কেতিয়াও সন্তুষ্ট নহয়।
21ৰূপৰ বাবে ৰূপ গলোৱা পাত্ৰ, আৰু সোণৰ বাবে অগ্নিশাল; আৰু এজন মানুহক প্ৰশংসাৰ দ্বাৰাই পৰীক্ষা কৰা হয়।
22যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা, তথাপিও তেওঁৰ অজ্ঞানতা দূৰ নহ’ব।
23তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা, আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তাকৰা,
24কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?
25ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে, আৰু পৰ্ব্বতত পশুৰ বাবে আহাৰ থাকে।
26মেৰ-ছাগবোৰে তোমাৰ বস্ত্রৰ যোগান ধৰিব, আৰু ছাগলীবোৰে তোমাৰ পথাৰৰ মূল্যৰ যোগান ধৰিব।
27তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে আৰু তোমাৰ দাসীসকলৰ প্ৰতিপালনৰ বাবে ছাগলীবোৰে গাখীৰ দিব।

Read হিতো 27হিতো 27
Compare হিতো 27:17-27হিতো 27:17-27