Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 16

লেবীয়া 16:11-21

Help us?
Click on verse(s) to share them!
11তেতিয়া হাৰোণে নিজৰ বাবে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব। তেওঁ নিজৰ বাবে লোৱা সেই পাপাৰ্থক বলিৰ বাবে অনা দমৰা গৰুটো কাটিব।
12হাৰোনে যিহোৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা আঙঠাৰে এটা আঙঠা-ধৰাত ভৰাই ল’ব আৰু মিহিকৈ গুড়ি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব।
13আৰু তেওঁ নমৰিবলৈ সাক্ষ্য ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এই কাৰণে সেই সুগন্ধি ধূপ যিহোৱাৰ সন্মূখত থকা জুইত দিব।
14তেতিয়া তেওঁ সেই দমৰাৰ অলপমান তেজ লৈ, পূবফালে থকা পাপাবৰণত আঙুলিৰে ছঠিয়াব আৰু আঙুলিৰে পাপাবৰণৰ সন্মুখতো সেই তেজৰ কিছু লৈ সাতবাৰ ছটিয়াব।
15তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি, তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল, তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাবৰণত আৰু পাপাবৰণৰ সন্মূখত তাক ছটিয়াব।
16এইদৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰ অশৌচ আৰু অপৰাধৰ কাৰণে, তেওঁলোকৰ আটাই পাপৰ কাৰণেই তেওঁ পবিত্ৰ স্থান প্ৰায়শ্চিত্ত কৰিব; আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁলোকৰ লগত তেওঁলোকৰ সকলো প্ৰকাৰ অশৌচৰ মাজত আছে তাকো সেইদৰে কৰিব।
17আৰু প্ৰায়শ্চিত্ত কৰিবলৈ পবিত্ৰ স্থানত তেওঁ সোমোৱাৰে পৰা নিজক, নিজ বংশক আৰু ইস্ৰায়েলৰ গোটেই সমাজক প্ৰায়শ্চিত্ত সম্পূৰ্ণকৈ প্ৰায়শ্চিত্ত নকৰালৈকে, কোনো কোনো লোক সেই সাক্ষাৎ কৰা তম্বুত নাথাকিব।
18তেওঁ যিহোৱাৰ সন্মূখত থকা বেদীৰ ওচৰলৈ ওলাই গৈ তাক প্ৰায়শ্চিত্ত কৰিব। তেওঁ সেই দমৰাটোৰ অলপ তেজ আৰু ছাগলীটোৰ অলপ তেজ লৈ বেদীৰ চাৰিওফালৰ শিং কেইটাত লগাই দিব।
19আৰু তেওঁ নিজ আঙুলিৰে তেজৰ কিছু লৈ তাৰ ওপৰত সাতবাৰ ছটিয়াই তাক শুচি কৰিব আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো প্ৰকাৰৰ অশৌচৰ পৰা শুচি কৰি তাক পবিত্ৰ কৰিব।
20এইদৰে পবিত্ৰ স্থান, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰাৰ পাছত, হাৰোণে সেই জীয়া ছাগলীটো আনিব।
21পাছত তেওঁ তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মুৰত দিব; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি, তেওঁ সেই সকলোকে সেই ছাগলীৰ মুৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব।

Read লেবীয়া 16লেবীয়া 16
Compare লেবীয়া 16:11-21লেবীয়া 16:11-21