42তেওঁলোকে আন শিল লৈ সেই শিলৰ ঠাইত বহুৱাব, আৰু নতুন কৰাল লৈ পুনৰায় সেই ঘৰ লিপিব।
43এইদৰে শিল উলিওৱা আৰু ঘৰ চোঁচা আৰু লিপাৰ পাছত, যদি পুনৰায় ঘৰত সেই দাগ ওলাই,
44তেতিয়া পুৰোহিতে আহি চাব আৰু যদি সেই ঘৰত দাগ ব্যাপি যোৱা দেখে, তেনেহলে সেই ঘৰত সংহাৰক কুষ্ঠ আছে; আৰু সেই ঘৰখন অশুচি।
45তেতিয়া সেই ঘৰ ভাঙি পেলোৱা হ’ব। তাৰ শিল, কাঠ আৰু কৰাল আদি সকলোকে নগৰৰ বাহিৰলৈ সেই অশুচি ঠাইলৈ লৈ যাব।
46তদুপৰি সেই ঘৰ বন্ধ থকাত যদি কোনো লোকে তাৰ ভিতৰত সোমাব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
47আৰু যিকোনো লোকে সেই ঘৰত শুব, তেওঁ নিজ বস্ত্ৰ ধুব আৰু যিকোনো লোকে সেই ঘৰত আহাৰ কৰিব, তেৱোঁ নিজ বস্ত্ৰ ধুব লাগিব।
48আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক’ব; কিয়নো তাৰ কুষ্ঠ ভাল হ’ল।
49পাছত তেওঁ সেই ঘৰ শুচি কৰিবৰ কাৰণে দুটা চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন ল’ব।
50মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত তেওঁ এটা চৰাই কাটিব।
51তেওঁ সেই এৰচ কাঠডোখৰ, এচোব বনকোচা, ৰঙা নোমখিনি আৰু জীয়া চৰাইটো এই সকলোকে লৈ, সেই কটা চৰাইৰ তেজত আৰু নিৰ্মল পানীত জুবুৰিয়াই সাতবাৰ ঘৰত ছটিয়াব।
52এইদৰে তেওঁ চৰাইৰ তেজ, নিৰ্মল পানী, জীয়া চৰাই, এৰচ কাঠ, এচোব বন আৰু ৰঙা নোম, এই সকলোৰে দ্বাৰাই সেই ঘৰ শুচি কৰিব।
53কিন্তু তেওঁ নগৰৰ বাহিৰত থকা মুকলি পথাৰত সেই জীয়া চৰাইটো উৰুৱাই দিব; এইদৰে তেওঁ ঘৰ প্ৰায়চিত্ত কৰিব; তাতে সেই ঘৰ শুচি হ’ব।
54এয়ে ছালৰ সকলো প্ৰকাৰ কুষ্ঠ ৰোগৰ চিনৰ নিয়ম যেনে ছালত খজুৱতি ধৰা চুলি দাড়ি সৰা,
55কাপোৰ আৰু ঘৰত হোৱা কুষ্ঠ,
56ছাল উখহি উঠা, চোকোৰা বন্ধা, জিলিকা দাগ।
57এই সকলো কোন সময়ত শুচি আৰু কোন সময়ত অশুচি, সেই বিষয়ে জনোৱাই তাৰ অভিপ্ৰায়; এইয়ে কুষ্ঠৰোগ আৰু কুষ্ঠৰোগৰ দাগৰ নিয়ম।”