Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 2

লূক 2:18-24

Help us?
Click on verse(s) to share them!
18তাতে মেষৰখীয়া সকলৰ কথা শুনি সকলোৱে বিস্ময় মানিলে।
19কিন্তু মৰিয়মে হলে সেইবোৰ কথা মনতে সাঁচি থলে আৰু সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে।
20ইয়াৰ পাছত মেষৰখীয়াবোৰে তেওঁলোকক যি দৰে কোৱা হৈছিল, সেই অনুসাৰে সকলো দেখি আৰু শুনি তেওঁলোকে ঈশ্বৰৰ প্রশংসা স্তুতি কৰি ঘৰলৈ উলটি গ’ল।
21পাছে আঠ দিনৰ পাছত, যেতিয়া তেওঁৰ চুন্নৎ কৰিবৰ সময় হ’ল, তেতিয়া তেওঁলোকে শিশুটিৰ নাম যীচু ৰাখিলে; তেওঁ মাতৃগর্ভত স্থিতি হোৱাৰ আগেয়ে স্বর্গৰ দূতে এই নাম দিছিল।
22মোচিৰ বিধান অনুসাৰে শুচিকৰণৰ দিন উপস্থিত হোৱাত যোচেফ আৰু মৰিয়মে শিশু যীচুক প্রভুৰ ওচৰত উপস্থিত কৰিবৰ কাৰণে তেওঁলোক যিৰূচালেমত থকা মন্দিৰলৈ আনিলে।
23কাৰণ প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে যে “প্ৰথমে জন্মা প্ৰতিজন পুত্র সন্তানক প্রভুৰ উদ্দেশ্যে ‘পবিত্ৰ’ বুলি কোৱা হব।”
24আৰু “এযোৰ কপৌ বা দুটা পাৰ পোৱালি” বলিদান কৰাৰ কথা যি দৰে প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে, তাক উৎসর্গ কৰিবলৈকো তেওঁলোক যিৰূচালেমলৈ আহিল।

Read লূক 2লূক 2
Compare লূক 2:18-24লূক 2:18-24