Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 23

লূক 23:5-12

Help us?
Click on verse(s) to share them!
5কিন্তু তেওঁলোকে পুণৰ ক’লে, “এই মানুহ জনে গালীল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহুদীয়াত আৰু এতিয়া এই ঠাইতো লোক সকলক উপদেশ দি উচতাই আছে।”
6পীলাতে ইয়াকে শুনি, মানুহ জন গালীলীয়া নে? এই বুলি সুধিলে।
7পাছত তেওঁক হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পীলাতে জানিবলৈ পোৱাত, তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল।
8যেতিয়া হেৰোদে যীচুক দেখিলে, তেওঁ অতিশয় আনন্দিত হ’ল; কিয়নো বহু দিনৰ পৰা তেওঁক চাবলৈ ইচ্ছা কৰি আছিল৷ তেওঁ তেওঁৰ বিষয়ে শুনিছিল, সেয়ে তেওঁ কৰা পৰাক্ৰম কাৰ্য চাবলৈ তেওঁ আশাও কৰিছিল৷
9তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে।
10আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল।
11পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে।
12সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷

Read লূক 23লূক 23
Compare লূক 23:5-12লূক 23:5-12