Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 7

যোহন 7:40-52

Help us?
Click on verse(s) to share them!
40এই সকলো কথা শুনি, লোক সকলৰ কোনো কোনোৱে ক’লে, “এওঁ সঁচাই সেই ভাৱবাদী।” আন কিছুমানে ক’লে, “এওঁ খ্ৰীষ্ট।”
41কিন্তু কিছুমানে ক’লে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?
42ধৰ্মশাস্ত্ৰত কোৱা নাই জানো, খ্ৰীষ্ট যে দায়ুদৰ বংশৰ পৰা হব আৰু দায়ুদ যি বৈৎলেহম নগৰত আছিল, তেওঁ তাৰ পৰাই আহিব?”
43এইদৰে যীচুৰ বিষয়ক লৈ লোক সকলৰ মাজত মতভেদ সৃষ্টি হ’ল।
44তেওঁলোকৰ কোনো কোনোৱে তেওঁক ধৰিবলৈ বিচাৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।
45তেতিয়া যি বিষয়া সকলক পঠোৱা হৈছিল, তেওঁলোক প্ৰধান পুৰোহিত আৰু ফৰীচী সকলৰ ওচৰলৈ ঘূৰি আহিল। তেওঁলোকে সিহঁতক সুধিলে, “তাক কিয় নানিলা?”
46তেতিয়া বিষয়া সকলে উত্তৰ দিলে, “সেই জনৰ দৰে কোনো মানুহে কেতিয়াও আগেয়ে কথা কোৱা নাই।”
47তেতিয়া ফৰীচী সকলে উত্তৰ দিলে, “তোমালোকো তেনেহলে ভোল গলা নেকি?
48শাসনকৰ্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?
49কিন্তু এই লোক সকলে বিধানৰ একোকে নাজানে, তেওঁলোক অভিশপ্ত।”
50তেওঁলোকৰ মাজৰ নীকদীম, যি জনে আগেয়ে যীচুৰ ওচৰলৈ গৈছিল, সেই জনে তেওঁলোকক ক’লে,
51“প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে, আমাৰ বিধানে জানো তেওঁক দোষী কৰে?”
52তাতে তেওঁলোকে তেওঁক উত্তৰ দিলে, “তুমিও গালীল প্ৰদেশৰ মানুহ নেকি? বিচাৰি চোৱা, দেখিবা যে গালীল প্ৰদেশৰ পৰা কোনো ভাৱবাদীৰ আবির্ভাৱ হোৱা নাই।”

Read যোহন 7যোহন 7
Compare যোহন 7:40-52যোহন 7:40-52