Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 2

যোহন 2:13-25

Help us?
Click on verse(s) to share them!
13ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল।
14তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে।
15তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে।
16যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।”
17ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”
18তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”
19যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
20তেতিয়া ইহুদী সকলে ক’লে, “এই মন্দিৰ নির্ম্মাণ কৰোঁতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিন দিনতে তুলিবা নে?”
21কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ-মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল।
22সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্ৰৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে।
23নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে।
24কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।
25মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।

Read যোহন 2যোহন 2
Compare যোহন 2:13-25যোহন 2:13-25