Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - মথি - মথি 12

মথি 12:31-44

Help us?
Click on verse(s) to share them!
31এই হেতুকে মই আপোনালোকক কওঁ, মানুহৰ সকলো পাপ আৰু ঈশ্বৰক কৰা নিন্দা ক্ষমা হ’ব, কিন্তু পবিত্র আত্মাৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহ’ব।
32মানুহৰ পুত্ৰৰ বিৰুদ্ধে কোনোৱে কথা ক’লে, তেওঁক ক্ষমা কৰা হ’ব, কিন্তু কোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা ক’লে তেওঁক ইহলোকত বা পৰলোকতো ক্ষমা কৰা নহব।
33গছ ভাল হ’লে ফল ভাল হয় আৰু গছ বেয়া হ’লে ফল বেয়া হয়। কিয়নো এজোপা গছক তাৰ ফল দেখি চিনিব পাৰি।
34সৰ্পৰ বংশধৰসকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
35ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
36কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
37কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপুনি নিৰ্দ্দোষী বুলি প্ৰমাণিত হব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি প্ৰমাণিত কৰা হব।
38তাৰ পাছত কেইজনমান বিধানৰ অধ্যাপক আৰু ফৰীচীয়ে যীচুক উত্তৰ দি ক’লে, “হে গুৰু, আমি আপোনাৰ পৰা চিন হিচাপে এটা পৰাক্ৰম কাৰ্য চাবলৈ ইচ্ছা কৰোঁ।”
39কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “এই যুগৰ দুষ্ট আৰু ব্যভিচাৰীলোকসকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে; কিন্তু যোনা ভাববাদীৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুওৱা নহব।
40যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
41বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সকল উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মন-পালটন কৰিছিল। চাওক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।
42বিচাৰৰ দিনা এই কালৰ মানুহেৰে সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা আহিছিল। চাওক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
43যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;
44তেতিয়া সি কয়, ‘যি ঘৰৰ পৰা ওলাই আহিলোঁ, পুনৰ মই সেই ঘৰলৈকে উলটি যাম।’ পাছত সি যেতিয়া ঘূৰি আহি দেখে, কোনোবাই সেই ঘৰ সৰাপোঁচা কৰি সকলো সজাই-পৰাই পৰিস্কাৰ কৰি থৈছে;

Read মথি 12মথি 12
Compare মথি 12:31-44মথি 12:31-44