18অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।
19হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
20হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)।