4হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
5বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
6তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।
7সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।