13কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম; চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা।
14হে ঈশ্বৰ, অহঙ্কাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে; অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে; তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।
15কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।
16তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা; তোমাৰ দাসক তোমাৰ শক্তি দান কৰা; তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।