Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 80

গীত 80:8-13

Help us?
Click on verse(s) to share them!
8তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
9তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা; তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।
10তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল; তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;
11সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাৎ নদী পর্যন্ত ইয়াৰ অঙ্কুৰবোৰ বিস্তাৰিত হ’ল।
12তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।
13বনৰ বৰাহে আহি তাক নষ্ট কৰে; পথাৰৰ পশুবোৰেও তাক খায়।

Read গীত 80গীত 80
Compare গীত 80:8-13গীত 80:8-13