8তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?
9ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? চেলা
10মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।”
11যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম।
12তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম; তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম।
13হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?
14তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।
15তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। চেলা
16হে ঈশ্বৰ, সমুদ্রৰ জল সমূহে তোমাক দেখিলে; জল সমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।
17মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।
18বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।