Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 73

গীত 73:3-7

Help us?
Click on verse(s) to share them!
3তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।
4কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়; কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে।
5তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়; অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোক বিপদতো নপৰে।
6এই কাৰণে অহংকাৰ তেওঁলোকৰ দিঙিৰ হাৰ স্বৰূপ; অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণ স্বৰূপ হৈছে।
7তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়; তেওঁলোকৰ মন্দ চিন্তা শেষ পর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে।

Read গীত 73গীত 73
Compare গীত 73:3-7গীত 73:3-7