4হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অধৰ্মি আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা।
5কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাসভূমি।
6গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ; মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই; মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।
7মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ; কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান।
8মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব, আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।
9বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।
10কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে; তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।
11তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”