22হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; হে ইস্ৰায়েলৰ পবিত্ৰ জনা, মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
23মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঁঠ অতিশয় আনন্দিত হয়; তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়।
24মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম; মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল।