7দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।
8হে দুষ্ট কার্য কৰা লোকবিলাক, তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।
9যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।
10মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব; সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।