3হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা; ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।
4তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।
5যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব; সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।