22কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।
23হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
24তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?
25আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে।