7হে যিহোৱা, মই মাতিলে, তুমি শুনা। মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
8মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
9তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়েই মোৰ সহায় হৈ আহিছা; হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!
10মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।