Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 27

গীত 27:4-9

Help us?
Click on verse(s) to share them!
4যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
5আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
6যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
7হে যিহোৱা, মই মাতিলে, তুমি শুনা। মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
8মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
9তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়েই মোৰ সহায় হৈ আহিছা; হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!

Read গীত 27গীত 27
Compare গীত 27:4-9গীত 27:4-9