6হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা, কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।
7মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা; হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।
8যিহোৱা মঙ্গলময় আৰু সৎ; সেয়ে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
9তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
10যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।
11হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ; তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।