13তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব; তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব।
14যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
15মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ; কিয়নো তেৱেঁই মোৰ ভৰি জালৰ পৰা মুক্ত কৰিব।
16মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুঃখিত।
17মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা; মোৰ নানা ক্লেশৰ পৰা মোক উদ্ধাৰ কৰা।
18মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা, মোৰ সকলো পাপ ক্ষমা কৰা।
19মোৰ শত্রুবোৰলৈ চোৱা, তেওঁলোক সংখ্যাত অনেক; তেওঁলোকে কিমান ভীষণ ঘৃণাৰে মোক ঘিণ কৰে।
20মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা; মোক লাজত পৰিবলৈ নিদিবা, কাৰণ মই তোমাতেই আশ্ৰয় লৈছোঁ।