5হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।”
6তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।
7কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।