3হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।
4মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;” মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।
5কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ; তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।