2কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?
3হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।
4মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;” মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।