7তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।
8তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
9হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
10তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
11ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।