1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।
2তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!
3তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।