Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 130

গীত 130:1-7

Help us?
Click on verse(s) to share them!
1হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
2হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
3হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
4কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
5মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।
6প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
7হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।

Read গীত 130গীত 130
Compare গীত 130:1-7গীত 130:1-7