3তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
4সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্ৰভু হ’ব?”
5যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”