1যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
2মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে।