Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 121

গীত 121:1-8

Help us?
Click on verse(s) to share them!
1মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?
2যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
3তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
4চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
5যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
6দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
7যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
8যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।

Read গীত 121গীত 121
Compare গীত 121:1-8গীত 121:1-8