Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 119

গীত 119:61-84

Help us?
Click on verse(s) to share them!
61যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছোঁ, তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ।
62তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো।
63যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।
64হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ; মোক তোমাৰ বিধিবোৰ শিকোৱা।
65তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা; হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা।
66তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।
67কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।
68তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
69অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।
70তেওঁলোকৰ হৃদয়ত সত্যতা নাই; কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।
71মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ।
72তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।
73তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
74তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব; কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।
75হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
76তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।
77মোলৈ তোমাৰ কৃপা নামি আহঁক, যাতে মই জীয়াই থাকিব পাৰোঁ; কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।
78অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে; কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম;
79যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক, যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব।
80মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।
81তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ।
82তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”
83কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।
84তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব? মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?

Read গীত 119গীত 119
Compare গীত 119:61-84গীত 119:61-84