Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 119

গীত 119:127-132

Help us?
Click on verse(s) to share them!
127মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।
128এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।
129তোমাৰ আজ্ঞাবোৰ আচৰিত; সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে।
130তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে; সৰল মনৰ লোকক বুজন শক্তি দান কৰে।
131মই মুখ মেলি ফোপাইছিলো; কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ।
132তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।

Read গীত 119গীত 119
Compare গীত 119:127-132গীত 119:127-132