127 মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।
128 এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।
129 তোমাৰ আজ্ঞাবোৰ আচৰিত; সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে।
130 তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে; সৰল মনৰ লোকক বুজন শক্তি দান কৰে।
131 মই মুখ মেলি ফোপাইছিলো; কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ।
132 তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।