Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 1 ৰাজা - 1 ৰাজা 6

1 ৰাজা 6:19-24

Help us?
Click on verse(s) to share them!
19চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।
20সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।
21এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে।
22তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।
23তেওঁ অতি পবিত্ৰ-স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূব নিৰ্ম্মাণ কৰিলে।
24এটা কৰূবৰ এখন ডেউকা পাঁচ হাত আৰু আনখন ডেউকাও পাঁচ হাত আছিল৷ তাতে এখন ডেউকাৰ আগৰ পৰা আনখন ডেউকাৰ আগলৈকে দহ হাত দূৰত আছিল৷

Read 1 ৰাজা 61 ৰাজা 6
Compare 1 ৰাজা 6:19-241 ৰাজা 6:19-24