Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 8

হিতো 8:27-36

Help us?
Click on verse(s) to share them!
27তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত, আৰু তেওঁ অগাধ জলত দিগন্তৰ সীমা নিৰূপণ কৰোঁতে, মই সেই ঠাইত আছিলোঁ।
28তেওঁ যেতিয়া আকাশ-মণ্ডল স্থাপন কৰিছিল, আৰু যেতিয়া গভীৰ ভুমুকবোৰ সৃষ্টি কৰিছিল, তেতিয়া মই সেই ঠাইত আছিলোঁ।
29সাগৰ সীমা নিৰূপণ কৰাৰ আগেয়ে মই সেই ঠাইত আছিলোঁ, সেয়ে সাগৰৰ পানী তেওঁ আজ্ঞা কৰা ঠাইৰ বাহিৰে আন ঠাইত যেন প্লাৱিত নহয়। আৰু যেতিয়া তেওঁ পৃথিবীৰ মূল ক’ত স্থাপন হব আদেশ দিছিল।
30তেতিয়া মই তেওঁৰ লগত প্ৰধান শিল্পকাৰ ৰূপে আছিলোঁ, আৰু মই দিনৰ পাচত দিন তেওঁত আনন্দ কৰিছিলোঁ, সদায় তেওঁৰ আগত প্রশংসা কৰিছিলোঁ।
31মই তেওঁৰ সমগ্র পৃথিৱীত প্রশংসা কৰিছিলোঁ, আৰু মানৱজাতিৰ মাজত মোৰ আনন্দ হৈছিল।
32এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা; কাৰণ যিসকলে মোৰ পথত চলে, তেওঁলোক আনন্দিত হ’ব।
33মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা; ইয়াক অৱজ্ঞা নকৰিবা।
34যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
35কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়, আৰু তেওঁ যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
36কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।”

Read হিতো 8হিতো 8
Compare হিতো 8:27-36হিতো 8:27-36