Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 16

লেবীয়া 16:20-34

Help us?
Click on verse(s) to share them!
20এইদৰে পবিত্ৰ স্থান, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰাৰ পাছত, হাৰোণে সেই জীয়া ছাগলীটো আনিব।
21পাছত তেওঁ তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মুৰত দিব; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি, তেওঁ সেই সকলোকে সেই ছাগলীৰ মুৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব।
22আৰু ছাগলীটোৱে নিজৰ ওপৰত তেওঁলোকৰ সকলো অপৰাধ নিৰ্জ্জন ঠাইলৈ বৈ নিব। আৰু তাত সেই লোকে সেই ছাগলীটো মৰুভূমিত এৰি দিব।
23তেতিয়া হাৰোণে সাক্ষাৎ কৰা তম্বুত সোমাব আৰু পবিত্ৰ স্থানত সোমোৱা সময়ত যি শণৰ বস্ত্ৰবোৰ পিন্ধে তাক সোলোকাই সেই ঠাইতে থ’ব।
24পাছত তেওঁ কোনো পবিত্ৰ ঠাইত গা ধুই, নিজ বস্ত্ৰ পিন্ধি ওলাব; আৰু নিজৰ হোম-বলি উৎসৰ্গ কৰি নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰিব।
25আৰু পাপাৰ্থক বলিটোৰ তেলখিনি বেদীত দগ্ধ কৰিব।
26আৰু যিজনে অজাজেলৰ কাৰণে ছাগলীটো এৰি দিব, তেওঁ নিজ বস্ত্ৰ আৰু গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।
27আৰু পাপাৰ্থক বলিৰ অর্থে যি দমৰা গৰু আৰু পাপাৰ্থক বলিৰ অৰ্থে যি ছাগলী, যিবোৰৰ তেজ প্ৰায়শ্চিত্ত কৰিবৰ বাবে পবিত্ৰ স্থানৰ ভিতৰলৈ অনা হ’ব আৰু সেইবোৰৰ ছাল, মঙহ আৰু গোবৰ জুইত পুৰি ভস্ম কৰা হ’ব।
28আৰু যিজনে সেইবোৰ পুৰিব, তেওঁ নিজ বস্ত্ৰ ধুব, পানীত গা ধুব আৰু তাৰ পাছত ছাউনিত সোমাব পাৰিব।
29তোমালোকৰ বাবে চিৰস্থায়ী বিধি এই। সপ্তম মাহৰ দশম দিনা স্বদেশীয় হওঁক বা তোমালোকৰ মাজত বাস কৰা বিদেশীয়েই হওঁক, তোমালোক সকলোৱেই নিজ নিজ প্ৰাণক দুখ দি লঘোন দিবা আৰু কোনো কৰ্ম নকৰিবা।
30কিয়নো সেই দিনা তোমালোকক শুচি কৰিবৰ অৰ্থে তোমালোকক প্ৰায়শ্চিত্ত কৰা হ’ব; আৰু তোমালোক সকলোৱেই পাপৰ পৰা যিহোৱাৰ সাক্ষাতে শুচি হ’বা।
31সেয়েই তোমোলোকৰ সম্পূর্ণ বিশ্ৰামৰ বিশ্ৰাম-দিন; তোমালোকে নিজ নিজ প্ৰাণত দুখ দি লঘোন দিবা। এইয়েই তোমালোকৰ মাজত চিৰস্থায়ী বিধি হ’ব।
32পিতৃৰ সলনি পুৰোহিত কৰ্ম কৰিবলৈ যিজনক অভিষিক্ত আৰু নিযুক্ত কৰা হ’ব, সেই পুৰোহিতে প্ৰায়শ্চিত্ত কৰিব আৰু শণ সুতাৰ বস্ত্ৰ অৰ্থাৎ পবিত্ৰ বস্ত্ৰবোৰ পিন্ধিব।
33আৰু তেওঁ পবিত্ৰ-স্থান প্ৰায়শ্চিত্ত কৰিব, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰিব। আৰু পুৰোহিতসকলৰ আৰু গোটেই সমাজৰ বাবে প্রায়শ্চিত্ত কৰিব।
34ইস্ৰায়েলৰ সন্তান সকল, তেওঁলোকৰ সকলো পাপৰ কাৰণে বছৰৰ ভিতৰত এবাৰ প্ৰায়শ্চিত্ত কৰাটোৱেই তোমালোকৰ বাবে চিৰস্থায়ী বিধি হ’ব।” তেতিয়া হাৰোণে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই কাৰ্য কৰিলে।

Read লেবীয়া 16লেবীয়া 16
Compare লেবীয়া 16:20-34লেবীয়া 16:20-34