27কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!’
28তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব! তাতে তোমালোকে অব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদী সকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হ’ব৷
29তেতে পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ পৰা মানুহবোৰ আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব,
30আৰু চোৱা যি সকল আগ হব, সেই সকলোবোৰ পাছ পৰিব; আৰু যি সকল পাছ পৰিব তেওঁলোক আগবাঢ়িব৷”
31কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক ক’লে, “তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।”
32যীচুয়ে তেওঁলোকক ক’লে, “যোৱা তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কাইলৈ ভূত খেদাম নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কার্য সিদ্ধ কৰিম।