Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 7

যিহো 7:12-22

Help us?
Click on verse(s) to share them!
12সেই বাবে ইস্ৰায়েলৰ সন্তান সকলে শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিলে৷ তেওঁলোকে শত্ৰুবোৰলৈ পিঠি দিলে, কিয়নো তেওঁলোক বৰ্জিত হ’ল৷ তোমালোকে সেই বৰ্জিত বস্তু বিনষ্ট কৰি তোমালোকৰ মাজৰ পৰা দূৰ নকৰিলে, মই তোমালোকৰ লগত পুনৰ নাথাকিম।
13উঠা! লোকসকলক পবিত্ৰ কৰা আৰু তুমি তেওঁলোকক কোৱা, তোমালোকে কালিৰ কাৰণে নিজকে পবিত্ৰ কৰা। কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘হে ইস্ৰায়েল, তোমাৰ মাজত বৰ্জিত বস্তু আছে। তোমালোকৰ মাজৰ পৰা সেই বৰ্জিত বস্তু দূৰ নকৰালৈকে তুমি তোমাৰ শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিবা’।
14এতেকে ৰাতিপুৱাতে তোমালোকে নিজ নিজ ফৈদ অনুসাৰে হাজিৰ হ’বা৷ তাতে চিঠি-খেলোতে যিহোৱাই যি ফৈদক ধৰিব, সেই ফৈদৰ এক এক গোষ্ঠী ওচৰ চাপি আহিব আৰু যিহোৱাই যি পৰিয়ালক ধৰিব, তাৰ এজন এজন পুৰুষ ওচৰ চাপি আহিব।
15তাতে যিহোৱাই বৰ্জন কৰা বস্তু লোৱা যি জন ধৰা পৰিব, তাক আৰু তাৰ সকলোকে জুইত পোৰা যাব; কিয়নো তেওঁ যিহোৱাৰ নিয়মটি লঙ্ঘন কৰি ইস্ৰায়েলৰ মাজত অপমানজনক কাম কৰিলে।”
16পাছত যিহোচূৱাই ৰাতিপুৱাতে উঠি ইস্ৰায়েলক নিজ নিজ ফৈদ অনুসাৰে মাতি আনিলে; তাতে যিহূদা ফৈদ ধৰা পৰিল।
17আৰু যিহূদা ফৈদৰ লোকসকলক মাতি অানোতে, জেৰহৰ গোষ্ঠী ধৰা পৰিল; পাছত জেৰহৰ গোষ্ঠীৰ পুৰুষ অনুসাৰে মাতি আনোতে, জব্দী ধৰা পৰিল।
18তাৰ পাছত তেওঁৰ পৰিয়ালৰ সকলো লোকক এজন এজনকৈ মাতি আনোতে আখান ধৰা পৰিল, আখান কর্মীৰ পুত্ৰ, কর্মী জব্দীৰ পুত্ৰ, জব্দী জেৰহৰ পুত্ৰ; এওঁ যিহূদা ফৈদৰ আছিল।
19তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি সর্বসশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তেওঁৰ প্ৰশংসা কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।”
20তেতিয়া আখানে উত্তৰ দি যিহোচূৱাক ক’লে, “সঁচাকৈ মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ৷ মই এনে কাৰ্য কৰিলোঁ:
21লুটদ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, দুশ চেকল ৰূপ আৰু পঞ্চাশ চেকল জোখৰ জিভা আকৃতিৰ এচটা সোণ দেখি, লোভতে মই সেইবোৰ ললোঁ৷ সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে।”
22তেতিয়া যিহোচূৱাই বাৰ্তাবাহকসকলক সেই ঠাইলৈ পঠিয়ালে আৰু তেওঁলোকে তাৰ তম্বুৰ ভিতৰলৈ লৰি গ’ল৷ সেই ঠাইলৈ গৈ তেওঁলোকে দেখিলে যে, সেই বস্তু তাৰ তম্বুৰ ভিতৰত পুতি থোৱা আছে আৰু সেইবোৰৰ তলত ৰূপো আছে,

Read যিহো 7যিহো 7
Compare যিহো 7:12-22যিহো 7:12-22